assamese version:
বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় তিনিচুকীয়াত আজি উলহ-মালহেৰে শ্ৰীশ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। বিদ্যালয়ৰ ছাত্র/ছাত্রী সকলৰ মাজত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে আজিৰ অনুষ্ঠানটি পালন কৰা হয়। শিক্ষক ৰঞ্জিত মুক্তিয়াৰে দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে, ছাত্র প্ৰিয়দৰ্শন গোস্বামীৰ খোল বাদন প্ৰদৰ্শন, অহিতোগ্নী চক্ৰৱতী আৰু ঋদ্ধিমান মুক্তিয়াৰৰ কবিতা আবৃত্তি , জিলমিল হাজৰিকাৰ দশৱতাৰ নৃত্য, আৰু বিদ্যালয়ৰ চাৰিতা হাউচৰ মাজত আতক ধুনিয়া দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ডিমৰুহোলা গাঁৱৰ মহিলা শিল্পি দলে সুন্দৰ দিহানামৰ পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
Today in our school, i.e. Vivekananda Kendra Vidyalaya, there was an astounding celebration of Srimanta Sankardev's Tirubhabh tithi. Students of the school participated in various competitions, programs, etc. Ranjit Muktiar sir explained the necessity of this program and taught about the great Assamese polymath Srimanta Sankardev to the people present there. Priyadarshan Goswami's Khol performance, Ahitagni Chakraborty and Hridhiman Muktiar's poetry recitation, and Jhilmil Hazarika's Dashavatar Dance stuffed this auspicious event with glamor. A beautiful and challenging Dihanaam competition was also held among the four houses of the Vidyalaya. Dimoruhula Gaon's female artists performed a glamorous and beautiful Dihanaam and increased the function's loveliness.